daktordaku

daktor bobendro nat soikiya (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-08-16
1. PersonalitiesLiteratureCinema(Proper Noun-Masculine) Bhabendra Nath Saikia was a top ranking novelist, short story writer, play writer and film director from Assam. He was born on February 20, 1932 at Nagaon town. He worked as reader in Physics in Gauhati University. Many stories have been translated into indian languages. He was the founder of two most popular magazines: Prantik, a vernacular fortnightly, & Safura, a childrens monthly. He won many literary awards, including Sahitya Academy (1976), Assam valley Literary award ( 1990) and was also recognised with the Padma Shri. He had also written a large number of plays for All India Radio (AIR). He has been associated actively with the stage as a playwrit and director. He has written many plays for 'Mobile Theatre' of Assam, and a number of One Act Plays. He had directed eight feature films. These films have been screened at International Film Festivals held at various places of india and world. Seven out of his eight films have been selected for Indian Panorama Section of the International Film Festival of India. He received the Rajat Kamal Award of the Government of India for his sevent films. Dr. Saikia died on August 13, 2003 in Guwahati. ভবেন্দ্ৰ নাথ শইকীয়া অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু বোলছবি পৰিচালক সকলৰ ভিতৰত অন্যতম৷ তেখেতৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত৷ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে ৷ তেখেতৰ বহুতো গল্প অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ হৈছে৷ অসমীয়া ভাষাৰ পষেকীয়া আলোচনী ’প্ৰান্তিক’ আৰু শিশু আলোচনী ’সঁফুৰা’-ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেখেতে ১৯৭৬ চনত ’সাহিত্য একাডেমি’ আৰু ১৯৯০ চনত ’অসম উপত্যকা বঁটা’ লাভ কৰাৰ উপৰিও ’পদ্মশ্ৰী’ সন্মান লাভ কৰে৷ অসমীয়া নাট্য জগতত ভবেন্দ্ৰ নাথ শইকীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে৷ কেইবাখনো ৰেডিঅ’ নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে৷ বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে৷ তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ’ৰজত কমল বঁটা’ প্ৰদান কৰে৷ ২০০৩ চনৰ ১৩ আগষ্টত গুৱাহাটীত ড. শইকীয়াৰ মৃত্যু হয়৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচনাসমূহৰ ভিতৰত অন্যতম হ’ল- আত্মজীৱনী- জীৱন বৃত্ত, জীৱন ৰেখা৷ প্ৰৱন্ধ সংকলন- শেষ পৃষ্ঠা (চাৰিটা খণ্ড)৷ শিশু গ্ৰন্থ- মৰমৰ দেউতা, তোমালোক ভালে থাকা, শান্তশিষ্ট হিষ্টপুষ্ট মহাদুষ্ট, মহাদুষ্টৰ দুষ্টবুদ্ধি, মৰম৷ চুটিগল্প- প্ৰহৰী, সেন্দুৰ, গহ্বৰ, শৃঙ্খল, উপকণ্ঠ, এই বন্দৰৰ আবেলি, বৃন্দাবন, তৰংগ, সন্ধ্যা ভ্ৰমণ, গল্প আৰু শিল্প, আকাশ৷ উপন্যাস- অন্তৰীপ,ৰম্যভূমি ইত্যাদি ৷